মানুহ বোলে জীৱশ্ৰেষ্ঠ প্ৰাণী।(কোৱাহে কথা মই হ'লে অলপো এই কথাষাৰ নামানো)জীৱশ্ৰেষ্ঠ এইবাবে কোৱা হয় যে মানুহৰ চিন্তাশক্তি আছে।মানুহে এই চিন্তা শক্তিৰ দ্বাৰা সকলো ভাল-বেয়া চালি জাৰি চাব পাৰে।এই চিন্তা শক্তি থাকিলেনো কি হ'ৱ!মানুহৰ মন বোলা কথা এটাও আছে নহয়!যাৰ ওচৰত এই চিন্তা শক্তিও হাৰ মানে।
এই মনটো বৰ আচৰিত; ইমান অবুজন কিয় বাৰু? এই মনটোৱে এটা কথাও ভালকৈ চিন্তা কৰিব নিদিয়ে।কোনটো আমাৰ বাবে ভাল;কোনটো আমাৰ বাবে বেয়া সকলো জানিও কেবল মনৰ প্ৰৰোচনাত পৰিহে কামবোৰ কৰিব লগা হয়! তাকেই মই ভাবো কেনেকৈনো মানুহ জীবশ্ৰেষ্ঠ হ'ল কাৰণ মানুহে চিন্তা কৰে যদিও শুনে মনৰহে কথা;আৰু মনৰ কথাটো জানেই আপোনালোকে কোনো ভাল-বেয়া নামানে;অবুজন! আনৰ মন বুজা দূৰৰে কথা,নিজৰ মনটোকে ভালকৈ বুজিব নোৱাৰো।আৰু যিবোৰ মনে বিচাৰে সেইবোৰ কৰিলে মোৰ এই জীৱনত বহুত কিবা কিবি হেৰুৱাব লাগিব। একো হেৰুৱাব নিবিচাৰো; ইফালে মনটোকো সংযত কৰিব নোৱাৰো। বৰ দোমোজাত পৰিছো।
®Neeta Nandini
Hiii
ReplyDelete