গৰম দিনৰ গধূলি বুলি ক'লেই সেই লৰালিৰ দিনবোৰলৈ মনত পৰে। সন্ধিয়া হোৱাৰ লগে লগে চোতালত বস্তা এটা পাৰি ঢিমি্ক-ঢামা্ক চাঁকিৰ পোহৰত কিতাপ বহী মেলি লঁও| অলপ আঁতৰত মা আৰু দেউতাই বিচনি বিচি বিচি কথা পাতি থাকে। ঠিক তেনে সময়তে ওচৰৰ চুবুৰীৰ পৰা সৰু সৰু লৰা -ছোৱালীৰ চিঞৰি চিঞৰি কিতাপ পঢ়াৰ মাত শুনা পাওঁ| তেতিয়াই লগে লগে দেউতাই ক'য় "আমুকে চা ইমান পঢ়িছে!"
দেউতাৰ মাত শুনাৰ লগে সেই লৰা ছোৱালীবোৰতকৈ দুগুনে চিঞৰি চিঞৰি আঁওৰাঁও "অকনে আনে অমিতা,আমিনাই আনে আম…|"
কেতিয়াবা আকৌ পঢ়ি পঢ়ি অন্যমনস্ক হৈ আকাশৰ তৰা হিচাপ কৰাত ব্যস্ত হৈ পৰো| আকৌ দেউতাৰ ধমকত কিতাপত মন দিঁও।
কিমান যে সুন্দৰ আছিল সেই সন্ধিয়াবোৰ।ৰিব্ ৰিব্ মলয়া বতাহ,মাজে মাজে দেউতাৰ ধমক। আৰু ৰাতিৰ ভাত খাজলৈ কিমান আগ্ৰহৰে যে বাট চাই থাকো।কাৰণ মায়ে ভাত দিলেহে পঢ়াৰ পৰা উঠিব পাৰিম।।

- সেই সন্ধিয়াবোৰ সঁচাই বহুত মনোৰম আছিল…|
Comments
Post a Comment