মই সঁচাই বৰ অকলসৰীয়া হৈ পৰিলো। কাৰোবাক সঁচা অন্তৰে ভালপাই মই ভুল কৰিলো। মই জনা নাছিলো যে কাৰোবাক সঁচা মনে ভালপালে তাৰ বিনিময়ত ক্ষন্তেকিয়া সহানুভূতি মৰম ভালপোৱাহে পাম! কিন্তু আজি তোমাক হেৰুৱাই মই বুজিব পাৰিলো যে সঁচা ভালপোৱাৰ বিনিময়ত মনত আঘাতহে পোৱা যায়। তোমাক লৈ জান মই বহুত সপোন দেখিছিলো; কিন্তু সেই সপোন যে কেতিয়াও পূৰণে নহ'ব মই ভবাই নাছিলো। মই কি ভুলৰ বাবে মই এই পাপ্য পাইছো নাজানো। তোমাৰ ওপৰত অভিমান কৰাই মোৰ ভুল আছিল নে! যদি মোৰ ভুলৰ বাবেই আঁতৰি গৈছা তেন্তে জীৱনত কেতিয়াও আমনি নকৰো তোমাক। কিন্তু সঁচাই জান তোমাক আজিও মই সিমানেই ভালপাওঁ যিমান আগতে ভাঁলপাইছিলো। হিয়া ওঁদঙাই তোমাক মৰম কৰিছিলো।নিজস্ব বুলিবলৈ একো বাকী ৰাখা নাছিলো। তুমিয়ে মোৰ সৰ্বস্ব হৈ পৰিছিলা। সকলোবোৰ গচকি আঁতৰি গলা তুমি। এবাৰো নাভাবিলা মই তোমাৰ অবিহনে কেনেকৈ জীয়াই থাকিম!! মোক এবাৰো নুসুধিলা মই কি বিচাৰো!! মই কেৱল তোমাৰ পৰা সঁচা মৰম ভালপোৱা বিচাৰিছিলো। কিন্তু কি পালো মই!!!! তুমি সুখত থাকা জান। মইনো কি? এনেকৈয়ে জীয়াই থাকিম গোটেই জীৱন তোমাৰ স্মৃতি বুকুত সাবটি। কেতিয়াবা নিজানত বহি অকলসৰে বহুত কান্দো। ওৰ...
বৰ্তমান যুগটো হ'ল আধুনিক যুগ।সমসাময়িক সময়ত অসমীয়া ভাষাৰ প্ৰতি আগ্ৰহ কমি অহা দেখা গৈছে।এনে কিছুমান লোক আছে যে অসমীয়া লিখিব পঢ়িব নাজানে বুলি গৰ্ব কৰে । সেয়েহে এনে মানসিকতা আতৰাই আপোনালোকে যাতে নিজৰ ভাষাত ৰচনা,গল্প ,কবিতা আদি পঢ়িব পাৰে সেয়াই এই ব্লগৰ উদ্দেশ্য। ধন্যবাদ।
Comments
Post a Comment