Skip to main content
The hardest part in life is trying to show the smile you know it’s fake and to hide the tears that won’t stop...

Comments

Popular posts from this blog

ভগ্ন হৃদয়ৰ চকুপানী

মই সঁচাই বৰ অকলসৰীয়া হৈ পৰিলো। কাৰোবাক সঁচা অন্তৰে ভালপাই মই ভুল কৰিলো। মই জনা নাছিলো যে কাৰোবাক সঁচা মনে ভালপালে তাৰ বিনিময়ত ক্ষন্তেকিয়া সহানুভূতি মৰম ভালপোৱাহে পাম! কিন্তু আজি তোমাক হেৰুৱাই মই বুজিব পাৰিলো যে সঁচা ভালপোৱাৰ বিনিময়ত মনত আঘাতহে পোৱা যায়। তোমাক লৈ জান মই বহুত সপোন দেখিছিলো; কিন্তু সেই সপোন যে কেতিয়াও পূৰণে নহ'ব মই ভবাই নাছিলো। মই কি ভুলৰ বাবে মই এই পাপ্য পাইছো নাজানো। তোমাৰ ওপৰত অভিমান কৰাই মোৰ ভুল আছিল নে! যদি মোৰ ভুলৰ বাবেই আঁতৰি গৈছা তেন্তে জীৱনত কেতিয়াও আমনি নকৰো তোমাক। কিন্তু সঁচাই জান তোমাক আজিও মই সিমানেই ভালপাওঁ যিমান আগতে ভাঁলপাইছিলো। হিয়া ওঁদঙাই তোমাক মৰম কৰিছিলো।নিজস্ব বুলিবলৈ একো বাকী ৰাখা নাছিলো। তুমিয়ে মোৰ সৰ্বস্ব হৈ পৰিছিলা। সকলোবোৰ গচকি আঁতৰি গলা তুমি। এবাৰো নাভাবিলা মই তোমাৰ অবিহনে কেনেকৈ জীয়াই থাকিম!! মোক এবাৰো নুসুধিলা মই কি বিচাৰো!!  মই কেৱল তোমাৰ পৰা সঁচা মৰম ভালপোৱা বিচাৰিছিলো। কিন্তু কি পালো মই!!!! তুমি সুখত থাকা জান। মইনো কি? এনেকৈয়ে জীয়াই থাকিম গোটেই জীৱন তোমাৰ স্মৃতি বুকুত সাবটি। কেতিয়াবা নিজানত বহি অকলসৰে বহুত কান্দো। ওৰ...

তুমি মোৰ সপোন

মোৰ জীৱনৰ সোঁৱে বাওঁৱে সেউজীয়া তোমাৰ ভাৱনা আৰু ভাঁহি আছে তাত তোমাৰ নামৰ সপোনবোৰ ! সপোনৰ পিছ খেদি ফুৰাতো জানাই মোৰ পুৰণি অভ্যাস ! কোনোবাই কৈছিল--- সপোন সেয়া নহয় যি টোপনিত দেখা যায় , সপোন হ'ল সেয়া যিয়ে তোমাক শুৱলৈ নিদিয়ে ।। আৰু তাতে তুমি হ'লা মোক শুৱ নিদিয়া উটপটীয়া সপোনতো!! তোমাক হেৰাই যাব দিওঁ কেনেকৈ ? সেয়ে মৌনতাবোৰ দলিয়াই পঠোৱা ভুলবোৰ পুহি নাৰাখিবা তুমিতো জানাই মৰণে নুচুৱা লৈ মই তোমাৰ !!!!

সোঁৱৰণী

গৰম দিনৰ গধূলি বুলি ক'লেই সেই লৰালিৰ দিনবোৰলৈ মনত পৰে। সন্ধিয়া হোৱাৰ লগে লগে   চোতালত বস্তা এটা পাৰি ঢিমি্ক-ঢামা্ক চাঁকিৰ পোহৰত কিতাপ বহী মেলি লঁও| অলপ আঁতৰত মা আৰু দেউতাই বিচনি বিচি বিচি কথা পাতি থাকে। ঠিক তেনে সময়তে ওচৰৰ চুবুৰীৰ পৰা সৰু সৰু লৰা -ছোৱালীৰ চিঞৰি চিঞৰি কিতাপ পঢ়াৰ মাত শুনা পাওঁ| তেতিয়াই লগে লগে দেউতাই ক'য় "আমুকে চা ইমান পঢ়িছে!" দেউতাৰ মাত শুনাৰ লগে সেই লৰা ছোৱালীবোৰতকৈ দুগুনে চিঞৰি চিঞৰি আঁওৰাঁও "অকনে আনে অমিতা,আমিনাই আনে আম…|" কেতিয়াবা আকৌ পঢ়ি পঢ়ি অন্যমনস্ক হৈ আকাশৰ তৰা হিচাপ কৰাত ব্যস্ত হৈ পৰো| আকৌ দেউতাৰ ধমকত কিতাপত মন দিঁও। কিমান যে সুন্দৰ আছিল সেই সন্ধিয়াবোৰ।ৰিব্ ৰিব্  মলয়া বতাহ,মাজে মাজে দেউতাৰ ধমক। আৰু ৰাতিৰ ভাত খাজলৈ কিমান আগ্ৰহৰে যে বাট চাই থাকো।কাৰণ মায়ে ভাত দিলেহে পঢ়াৰ পৰা উঠিব পাৰিম।।  সেই  সন্ধিয়াবোৰ সঁচাই বহুত মনোৰম আছিল…|