Skip to main content

Posts

Showing posts from 2018
My mission in life is not merely to survive, but to thrive; and to do so with some passion, some compassion,  some humor , and some style...😊

ভগ্ন হৃদয়ৰ চকুপানী

মই সঁচাই বৰ অকলসৰীয়া হৈ পৰিলো। কাৰোবাক সঁচা অন্তৰে ভালপাই মই ভুল কৰিলো। মই জনা নাছিলো যে কাৰোবাক সঁচা মনে ভালপালে তাৰ বিনিময়ত ক্ষন্তেকিয়া সহানুভূতি মৰম ভালপোৱাহে পাম! কিন্তু আজি তোমাক হেৰুৱাই মই বুজিব পাৰিলো যে সঁচা ভালপোৱাৰ বিনিময়ত মনত আঘাতহে পোৱা যায়। তোমাক লৈ জান মই বহুত সপোন দেখিছিলো; কিন্তু সেই সপোন যে কেতিয়াও পূৰণে নহ'ব মই ভবাই নাছিলো। মই কি ভুলৰ বাবে মই এই পাপ্য পাইছো নাজানো। তোমাৰ ওপৰত অভিমান কৰাই মোৰ ভুল আছিল নে! যদি মোৰ ভুলৰ বাবেই আঁতৰি গৈছা তেন্তে জীৱনত কেতিয়াও আমনি নকৰো তোমাক। কিন্তু সঁচাই জান তোমাক আজিও মই সিমানেই ভালপাওঁ যিমান আগতে ভাঁলপাইছিলো। হিয়া ওঁদঙাই তোমাক মৰম কৰিছিলো।নিজস্ব বুলিবলৈ একো বাকী ৰাখা নাছিলো। তুমিয়ে মোৰ সৰ্বস্ব হৈ পৰিছিলা। সকলোবোৰ গচকি আঁতৰি গলা তুমি। এবাৰো নাভাবিলা মই তোমাৰ অবিহনে কেনেকৈ জীয়াই থাকিম!! মোক এবাৰো নুসুধিলা মই কি বিচাৰো!!  মই কেৱল তোমাৰ পৰা সঁচা মৰম ভালপোৱা বিচাৰিছিলো। কিন্তু কি পালো মই!!!! তুমি সুখত থাকা জান। মইনো কি? এনেকৈয়ে জীয়াই থাকিম গোটেই জীৱন তোমাৰ স্মৃতি বুকুত সাবটি। কেতিয়াবা নিজানত বহি অকলসৰে বহুত কান্দো। ওৰ...

আশা

 আপুনি সপোন দেখে নে?(ইয়াত আকৌ টোপনিত দেখা সপোনৰ কথা সুধা হোৱা নাই দেই) আপুনি জীৱনটোৰ পৰা কি আশা কৰে? আমি জীৱনটোত প্ৰত্যেকে কিছুমান নহয় কিছুমান আশা লৈ জীয়াই আছো।প্ৰত্যকৰে কিবা নহয় কিবা এটা কৰা/পোৱাৰ আশা থাকে। আশা  আছে বাবেই জীৱনটো ইমান সুন্দৰ।জীৱনটোত কিমান আশাৰ মৃত্যু ঘটে কিমান আশাৰ সৃষ্টি হয় তাৰ কোনো হিচাপ নাই! কিন্তু আমি কেতিয়াওঁ হতাশ হৱ নালাগে।কাৰণ কয় নহয় এখন দুৱাৰ বন্ধ হ'লে আন এখন দুৱাৰ আপোনাৰ বাবে সদায় খোলা থাকে।  মই ভাবো জীৱনতো হ'ল আশা,সপোন এইবোৰক লৈয়ে গঠিত। আশা আছে বাবেই আমি জীয়াই থকাৰ প্ৰেৰণা পাওঁ। আশা আছে বাবেই আমি আমাৰ কৰ্মবোৰ নতুন উদ্দ্যমেৰে কৰি যাবলৈ সাহস পাওঁ।  কিন্তু ভগৱান শ্ৰীকৃষ্ণই কৈছিল-কৰ্মই ধৰ্ম। কৰ্ম কৰি যোৱা ফললৈ আশা নকৰিবা। বাস্তবক্ষেত্ৰত এই কথাষাৰ খুব কমহে প্ৰযোয্য। কাৰণ আমি হলো সাধাৰণ নৰ-মুনিচ; আমি সকলোৱে কম বেছি পৰিমানে আশা কৰোয়ে। আশা আছে বাবই জীৱনটো ইমান সুন্দৰ।  যদি নিৰ্দিষ্ট এটা ফল আগত ৰাখি কৰ্ম কৰো তেন্তে আমি ভবাতকৈ বেছি সফলতাৰ পোৱাৰ সম্ভাবনা থাকে। কাৰণ আমি ফলৰ কথা ভাবিলে পূৰ্ণ উদ্দ্যমেৰে কাম কৰাৰ মনোবল পোৱা যায়। ধুনীয়া ধু...
 অ' সময় উভতি ব'ল আকৌ পুৰণি দিনবোৰলৈ……!!

মন

মানুহ বোলে জীৱশ্ৰেষ্ঠ প্ৰাণী।(কোৱাহে কথা মই হ'লে অলপো এই কথাষাৰ নামানো)জীৱশ্ৰেষ্ঠ এইবাবে কোৱা হয় যে মানুহৰ চিন্তাশক্তি আছে।মানুহে এই চিন্তা শক্তিৰ দ্বাৰা সকলো ভাল-বেয়া চালি জাৰি চাব পাৰে।এই চিন্তা শক্তি থাকিলেনো কি হ'ৱ!মানুহৰ মন বোলা কথা এটাও আছে নহয়!যাৰ ওচৰত এই চিন্তা শক্তিও হাৰ মানে। এই মনটো বৰ আচৰিত; ইমান অবুজন কিয় বাৰু? এই মনটোৱে এটা কথাও ভালকৈ চিন্তা কৰিব নিদিয়ে।কোনটো আমাৰ বাবে ভাল;কোনটো আমাৰ বাবে বেয়া সকলো জানিও কেবল মনৰ প্ৰৰোচনাত পৰিহে কামবোৰ কৰিব লগা হয়! তাকেই মই ভাবো  কেনেকৈনো মানুহ জীবশ্ৰেষ্ঠ হ'ল কাৰণ মানুহে চিন্তা কৰে যদিও শুনে মনৰহে কথা;আৰু মনৰ কথাটো জানেই আপোনালোকে কোনো ভাল-বেয়া নামানে;অবুজন! আনৰ মন বুজা দূৰৰে কথা,নিজৰ মনটোকে ভালকৈ বুজিব নোৱাৰো।আৰু যিবোৰ মনে বিচাৰে সেইবোৰ কৰিলে মোৰ এই জীৱনত বহুত কিবা কিবি হেৰুৱাব লাগিব। একো হেৰুৱাব নিবিচাৰো; ইফালে মনটোকো সংযত কৰিব নোৱাৰো। বৰ দোমোজাত পৰিছো।  ®Neeta Nandini

টোপনি

তুমি আহিবা বুলি ৰাতি দোভাগ বেলালৈ শিতানতে বহি তোমালৈ অপেক্ষা কৰি ৰৈছিলো।তুমি আহিবা বুলিয়েই দুৱাৰৰ শলখাতো নলগোৱাকৈ ৰাখিছিলো!এটা দুটা প্ৰহৰ পাৰ হৈ গৈছিল তোমাৰ অপেক্ষাত!পদূলিৰ মূৰত কুকুৰ দুটামানে ভুকিছিল।দুৱাৰখন বতাহত কেৰেকৈ শব্দ কৰি আৰু অলপ মেলখাই গৈছিল,ভাবিছিলো সেইয়া তুমি অহাৰ আগজাননী!অকনমান পিছত বাহিৰত কিহবাৰ শব্দ শুনিবলৈ পাইছিলো,ভাবিছিলো সেইজন তুমিয়ে হয়।নাই নহয়,তুমি নাছিলা সেইজন! দেখিলো শিতানৰ ওচৰত ধিমিকি ধিমিকি জ্বলি থকা চাকিতোও কেৰাচিনৰ অভাৱত নুমাও নুমাও অৱস্থা,আচৰিত হৈছিলো মই,,আজি তোমাৰ ইমান পলম হৈছে কিয়,তুমি নহাৰতো কথা নাছিল.....!তেন্তে.....?নে অভিমান কৰি তুমি অহা নাছিলা!মই বাৰু কিবা জগৰ লগাইছিলো নেকি?অলেখ চিন্তাই মনতোত জুমুৰি ধৰিছিল!অৱশেষত ভাগৰি পৰিছিলো ৰৈ ৰৈ,শেষত তুমি অহাৰ আশা বাদ দি শিতানত বাগৰি দিছিলোঁ ..............., আৰু এতিয়া দেখোন পূৱত সেন্দুৰীয়া সূৰ্য্য,কিচিৰ-মিচিৰ চৰাইৰ কাকলি আৰু মোৰ দূচকুত চকা মকা তোমাৰ আভাস।মানে ৰাতি পলমকৈ হলেও তুমি আহিছিলা!সেইয়া মই জানিছিলোৱে যিমান যি হলেও তুমি নাহাকৈ নাথাকা,তুমি আহিবাই। আগৰ নিশাবোৰৰ দৰে মোক নিৰাশ নকৰি পলমকৈ হলেও যোৱাৰাতি'...

তুমি মোৰ সপোন

মোৰ জীৱনৰ সোঁৱে বাওঁৱে সেউজীয়া তোমাৰ ভাৱনা আৰু ভাঁহি আছে তাত তোমাৰ নামৰ সপোনবোৰ ! সপোনৰ পিছ খেদি ফুৰাতো জানাই মোৰ পুৰণি অভ্যাস ! কোনোবাই কৈছিল--- সপোন সেয়া নহয় যি টোপনিত দেখা যায় , সপোন হ'ল সেয়া যিয়ে তোমাক শুৱলৈ নিদিয়ে ।। আৰু তাতে তুমি হ'লা মোক শুৱ নিদিয়া উটপটীয়া সপোনতো!! তোমাক হেৰাই যাব দিওঁ কেনেকৈ ? সেয়ে মৌনতাবোৰ দলিয়াই পঠোৱা ভুলবোৰ পুহি নাৰাখিবা তুমিতো জানাই মৰণে নুচুৱা লৈ মই তোমাৰ !!!!

সোঁৱৰণী

গৰম দিনৰ গধূলি বুলি ক'লেই সেই লৰালিৰ দিনবোৰলৈ মনত পৰে। সন্ধিয়া হোৱাৰ লগে লগে   চোতালত বস্তা এটা পাৰি ঢিমি্ক-ঢামা্ক চাঁকিৰ পোহৰত কিতাপ বহী মেলি লঁও| অলপ আঁতৰত মা আৰু দেউতাই বিচনি বিচি বিচি কথা পাতি থাকে। ঠিক তেনে সময়তে ওচৰৰ চুবুৰীৰ পৰা সৰু সৰু লৰা -ছোৱালীৰ চিঞৰি চিঞৰি কিতাপ পঢ়াৰ মাত শুনা পাওঁ| তেতিয়াই লগে লগে দেউতাই ক'য় "আমুকে চা ইমান পঢ়িছে!" দেউতাৰ মাত শুনাৰ লগে সেই লৰা ছোৱালীবোৰতকৈ দুগুনে চিঞৰি চিঞৰি আঁওৰাঁও "অকনে আনে অমিতা,আমিনাই আনে আম…|" কেতিয়াবা আকৌ পঢ়ি পঢ়ি অন্যমনস্ক হৈ আকাশৰ তৰা হিচাপ কৰাত ব্যস্ত হৈ পৰো| আকৌ দেউতাৰ ধমকত কিতাপত মন দিঁও। কিমান যে সুন্দৰ আছিল সেই সন্ধিয়াবোৰ।ৰিব্ ৰিব্  মলয়া বতাহ,মাজে মাজে দেউতাৰ ধমক। আৰু ৰাতিৰ ভাত খাজলৈ কিমান আগ্ৰহৰে যে বাট চাই থাকো।কাৰণ মায়ে ভাত দিলেহে পঢ়াৰ পৰা উঠিব পাৰিম।।  সেই  সন্ধিয়াবোৰ সঁচাই বহুত মনোৰম আছিল…|