তুমি আহিবা বুলি ৰাতি দোভাগ বেলালৈ শিতানতে বহি তোমালৈ অপেক্ষা কৰি ৰৈছিলো।তুমি আহিবা বুলিয়েই দুৱাৰৰ শলখাতো নলগোৱাকৈ ৰাখিছিলো!এটা দুটা প্ৰহৰ পাৰ হৈ গৈছিল তোমাৰ অপেক্ষাত!পদূলিৰ মূৰত কুকুৰ দুটামানে ভুকিছিল।দুৱাৰখন বতাহত কেৰেকৈ শব্দ কৰি আৰু অলপ মেলখাই গৈছিল,ভাবিছিলো সেইয়া তুমি অহাৰ আগজাননী!অকনমান পিছত বাহিৰত কিহবাৰ শব্দ শুনিবলৈ পাইছিলো,ভাবিছিলো সেইজন তুমিয়ে হয়।নাই নহয়,তুমি নাছিলা সেইজন! দেখিলো শিতানৰ ওচৰত ধিমিকি ধিমিকি জ্বলি থকা চাকিতোও কেৰাচিনৰ অভাৱত নুমাও নুমাও অৱস্থা,আচৰিত হৈছিলো মই,,আজি তোমাৰ ইমান পলম হৈছে কিয়,তুমি নহাৰতো কথা নাছিল.....!তেন্তে.....?নে অভিমান কৰি তুমি অহা নাছিলা!মই বাৰু কিবা জগৰ লগাইছিলো নেকি?অলেখ চিন্তাই মনতোত জুমুৰি ধৰিছিল!অৱশেষত ভাগৰি পৰিছিলো ৰৈ ৰৈ,শেষত তুমি অহাৰ আশা বাদ দি শিতানত বাগৰি দিছিলোঁ ..............., আৰু এতিয়া দেখোন পূৱত সেন্দুৰীয়া সূৰ্য্য,কিচিৰ-মিচিৰ চৰাইৰ কাকলি আৰু মোৰ দূচকুত চকা মকা তোমাৰ আভাস।মানে ৰাতি পলমকৈ হলেও তুমি আহিছিলা!সেইয়া মই জানিছিলোৱে যিমান যি হলেও তুমি নাহাকৈ নাথাকা,তুমি আহিবাই। আগৰ নিশাবোৰৰ দৰে মোক নিৰাশ নকৰি পলমকৈ হলেও যোৱাৰাতি'...
বৰ্তমান যুগটো হ'ল আধুনিক যুগ।সমসাময়িক সময়ত অসমীয়া ভাষাৰ প্ৰতি আগ্ৰহ কমি অহা দেখা গৈছে।এনে কিছুমান লোক আছে যে অসমীয়া লিখিব পঢ়িব নাজানে বুলি গৰ্ব কৰে । সেয়েহে এনে মানসিকতা আতৰাই আপোনালোকে যাতে নিজৰ ভাষাত ৰচনা,গল্প ,কবিতা আদি পঢ়িব পাৰে সেয়াই এই ব্লগৰ উদ্দেশ্য। ধন্যবাদ।